Tumi Junak
🎵 3378 characters
⏱️ 4:32 duration
🆔 ID: 12369022
📜 Lyrics
তুমি হৈ তোমাতেই আছোঁ মই, চোৱাঁনা নিজতে বিচাৰি
মৰমৰ এধানি তুমি যেন ৰ'দৰ সুৰভি
কিদৰেনো মই বুজাওঁ তোমাক!
তুমি কাষৰত মানেই জোনাক
বুকুৰ সপোনজাকে দিয়ে
মাথোঁ অনুভৱ আজি তোমাৰ
এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য'ত তুমি জোনাক

তুমি চোৱাঁ মোলে', তুমি চোৱাঁ, তুমি চোৱাঁ মোলে'
তুমি ৰোৱাঁ মোৰ হৈয়ে, ৰোৱাঁ চিৰজীৱনলে'

এখনি অকণমানি পৃথিৱী তুমি মোৰ
তোমাৰেই ভাৱনাতে মই আজি বিভোৰ
পোহৰৰ ছবি তুমি হিয়াৰে কোণৰ
ৰৈ যোৱা বাটৰ তুমি খোজ আৱেগৰ
জীৱনৰ প্ৰতিটো পুৱতিৰ এমুঠি ৰ'দ হৈ
কাষতে ৰ'বানে প্ৰেৰণাৰ এখনি নদী হৈ?
দুখৰ সাগৰ ভেদি, সূৰুয খেদি বিচাৰি যাম পোহৰ
এন্ধাৰতো ৰ'বাহি মৰমৰ আভা হৈ তুমি