Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Jipaal

👤 Sannidhya Bhuyan 🎼 Jipaal ⏱️ 4:51
🎵 2537 characters
⏱️ 4:51 duration
🆔 ID: 12752459

📜 Lyrics

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি
উৰি উৰি অদেখা-অজান
দূৰ-সুদূৰ অসীমৰে সমান
মুখৰিত ব'হাগৰ আবেলি

কুলিটিয়ে গীত গালে (গীত গালে)
প্ৰকৃতিয়ে সাৰ পালে (সাৰ পালে)
সেউজী-সেউজী-সেউজীয়া আজি বননি
বিৰিখৰ ডালে-ডালে (ডালে-ডালে)
খেলি ফুৰে পখীকুলে (পখীকুলে)
ফলে-ফুলে ধৰণী আজি শুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি
জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি

ব'হাগৰে মতলীয়া প্ৰাণ
শুনিবানে হৃদয়ৰে গান?
সুশোভিত হিয়াৰে পদূলি
ব'হাগৰে বিনন্দীয়া মাত
হৃদয়তে ফুলিছে প্ৰভাত
প্ৰভাতী সোণালী ৰ'দালি

কুলিটিয়ে গীত গালে (গীত গালে)
প্ৰকৃতিয়ে সাৰ পালে (সাৰ পালে)
সেউজী-সেউজী-সেউজীয়া আজি বননি
বিৰিখৰ ডালে-ডালে (ডালে ডালে)
খেলি ফুৰে পখীকুলে (পখীকুলে)
ফলে-ফুলে ধৰণী আজি শুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি
জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখীৰ কলতান?
গছে-বনে বতাহৰ ধেমালি
উৰি উৰি অদেখা-অজান
দূৰ-সুদূৰ অসীমৰে সমান
মুখৰিত ব'হাগৰ আবেলি

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings