Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Rambha Menaka Kingba Juthika

👤 Jayanta Hazarika, Kula Baruwa 🎼 Best Of Jayanta Hazarika ⏱️ 3:12
🎵 1635 characters
⏱️ 3:12 duration
🆔 ID: 12891309

📜 Lyrics

ৰম্ভা মেনকা
ৰম্ভা, মেনকা কিম্বা যূথিকা
নামবোৰ নাজানো ভাই
হংসগামিনী ইম্মান ৰমণী
কলিজা ধপে ধপায় ।

তহঁতৰ লাজ কাজ নাই যা!
গভৰুক জোকাব নাপায়!
সাইলাখ ৰাম হে আমি যেন ৰাৱণ
কৰিছোঁহি সীতা হৰণ ।
এবাটি গাখীৰত মুখ ধুই আহগৈ
হনুমান দুইজন
এখনি দাপোনত ৰূপ চাই আহগৈ
ইমান সুদর্শন- ।

কার্তিক কাষতে পাইছা হাততে
হেৰালে আৰু নাপায় ।
প্রেম প্রেম জখলা বগাবলৈ হ'বলা
ৰূপহীৰ মনেই নাযায়!
কার্তিক দুটালৈ চাই
ৰম্ভাই নাকেই কোঁচায়?

ৰিহাৰে শেলতে চকুহাল পৰোঁতে
হিয়া মোৰ দহিহে যায়
খং খং চাৱনি আৰু যেন শুৱনি
উঠে পিছে মিচিকিয়াই ।।
বিয়া নাম নোগোৱা নাই
মাত দিলে কিনো ক্ষয় যায়?

গাভৰু খেমিবা দায় নধৰিবা
ইহঁতৰ মগজু নাই ।
হুলাবাৰি এচাৰি ব্যৱহাৰ নকৰি
দিয়া দেই আমাক বিদাই!

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings