Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Bahag Eti Mankho Ritu Nohoy

👤 Bhupen Hazarika 🎼 Assamese Songs By Bhupen Hazarika ⏱️ 4:17
🎵 1310 characters
⏱️ 4:17 duration
🆔 ID: 14098498

📜 Lyrics

ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
ব'হাগ মাথোঁ বিহুতলী নহয়
নহয় ই নিশা ফুলা ফুল
ব'হাগেই আনি দিয়ে সমদল গতি
নেওচি জাতি কুল
ই প্রভেদক কৰে নাশ।।

ব'হাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰে মাত
ব'হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজলায় জীৱন আকাশ।।
ব'হাগ মাথোঁ বিহুগীত নহয়
ইনাই বিনাই গোৱা
ব'হাগ এখনি সৃষ্টি দলিল
সূৰ্য্যৰ জ্যোতিত পোৱা
বহাগেই এন্ধাৰৰ ত্রাস।।

বহাগত জাতিৰে স্নান কৰে
মলিয়ন বস্ত্র সলায়
সংগ্রামী জীৱনতো
ৰণ প্রেৰণা
দিয়ে বৰদৈচিলাই .
ওফৰাই দুখ নাগপাশ।।

⏱️ Synced Lyrics

[00:15.05] ব'হাগ মাথোঁ এটি ঋতু নহয়
[00:19.49] নহয় ব'হাগ এটি মাহ
[00:24.13] অসমীয়া জাতিৰ ই আয়ুস ৰেখা
[00:29.17] গণ জীৱনৰ ই সাহ
[00:52.96] ব'হাগ মাথোঁ বিহুতলী নহয়
[00:57.85] নহয় ই নিশা ফুলা ফুল
[01:02.33] ব'হাগেই আনি দিয়ে সমদল গতি
[01:07.25] নেওচি জাতি কুল
[01:11.25] ই প্রভেদক কৰে নাশ।।
[01:30.50] ব'হাগ এটি মাথোঁ মাকো নহয়
[01:35.76] নহয় ই কুলিৰে মাত
[01:40.27] ব'হাগ এটি নৱ নৱ চিন্তাৰ
[01:45.21] সাঁচিপাত পুথিৰে পাত
[01:48.68] ই উজলায় জীৱন আকাশ।।
[02:13.45] ব'হাগ মাথোঁ বিহুগীত নহয়
[02:27.81] ইনাই বিনাই গোৱা
[02:31.73] ব'হাগ এখনি সৃষ্টি দলিল
[02:37.31] সূৰ্য্যৰ জ্যোতিত পোৱা
[02:41.98] বহাগেই এন্ধাৰৰ ত্রাস।।
[03:00.79] বহাগত জাতিৰে স্নান কৰে
[03:15.19] মলিয়ন বস্ত্র সলায়
[03:19.89] সংগ্রামী জীৱনতো
[03:21.92] ৰণ প্রেৰণা
[03:24.53] দিয়ে বৰদৈচিলাই .
[03:29.28] ওফৰাই দুখ নাগপাশ।।
[04:14.75]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings