Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Mitha Mitha Kothare

👤 Zubeen Garg 🎼 Golden Collection Of Zubeen, Vol. 5 ⏱️ 4:41
🎵 1347 characters
⏱️ 4:41 duration
🆔 ID: 3775451

📜 Lyrics

মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ'লি ঐ
সপোনা]ৰ কাৰেঙত আছ যে উমলি
তই ন'হলে আজি একোৱেই ভাল নালাগে মোৰ
মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ'লি ঐ

অ' লৈ যা লৈ যা মোকো লগতে লৈ যা
তই নাথাকিলে আজি মই আধৰুৱা
আপোন মোৰ কলিজা তোৰে ঐ পদুলিত
এৰি থৈ আহিছো কোনেও নেদেখাকৈ
বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল

কপাহি কোমল তোৰ আঙুলিৰ বোল
দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ
হেপাহো নপলাই চায়েই থাকিম যেন তোক
এনে লাগে কিয় দি দিও মোৰ সকলো
তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ
মিঠা মিঠা কথাৰে মন ভুলালি
লাহে লাহে আহি মোৰ আপোন হ'লি ঐ

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings