Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Nodi Mathu Boi

👤 Papon 🎼 Nodi Mathu Boi (Original Motion Picture Soundtrack) ⏱️ 3:42
🎵 1371 characters
⏱️ 3:42 duration
🆔 ID: 3823401

📜 Lyrics

কাগজতে অঁকা, য'ত সীমাৰেখা
নাম থলো আমি তাৰ মানচিত্ৰ
মানুহেৰে ভৰা, একেখনি ধৰা
মানৱতা এৰি আমি কাৰ মিত্ৰ?

প্ৰেমৰ নদী সাঁতোৰি
কি ধৰ্ম, জাতি
যদি বান্ধো মাজুলী
কোনে খহায়

নিমিলাবোৰ সামৰি
মলিনতা মোহাৰি
ঢৌয়ে ঢৌৱে সাৱতি, সাগৰ তিয়াই

নদী মাথোঁ বয়
নদী মাথোঁ বয়
নদী মাথোঁ বয়

কাগজতে অঁকা
ৰঙা, নীলা টকা
বিচাৰি জীৱনো দেখোন দিশভষ্ট
উভতি চাবলে,আজৰি নাপালে
হেৰুৱাব চিন, হেৰুৱাব লক্ষ্য
আনৰ আঁতৰি, যোৱাবাৰ আদৰি
হেৰুৱা খুটি বিচাৰি,মূহনাতে পাওঁ

নিমিলাবোৰ সামৰি
মলিনতা মোহাৰি
ঘাটে ঘাটে প্ৰান ধালি
তৃষ্ণা পুৰাই ।

নদী মাথোঁ বয়
নদী মাথোঁ বয় ।

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings