Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Sbagliando nota

👤 Skiantos 🎼 Skonnessi Unplugged - 1977-2006 ⏱️ 3:27
🎵 1715 characters
⏱️ 3:27 duration
🆔 ID: 664506

📜 Lyrics

সাগৰ সংগমত কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত
তথাপি মনৰ মোৰ প্রশান্ত সাগৰৰ
উর্মিমালা অশান্ত।।

মনৰ প্রশান্ত
সাগৰৰ বক্ষত
জোৱাৰৰ নাই আজি অন্ত
অজস্র লহৰে নৱ নৱ গতিৰে
আনি দিয়ে আশা অফুৰন্ত।।

প্রশান্ত পাৰৰে
মহা মহা জীৱনৰ
শান্তি আজি আক্রান্ত
নৱ নৱ সৃষ্টিক দৈত্য-দানৱে কৰে
নিষ্ঠুৰ আঘাত অবিশ্রান্ত ।
সেয়েহে মনৰ মোৰ
প্রশান্ত সাগৰৰ উর্মিমালা অশান্ত ।।

ধ্বংসৰ আঘাতক
দিছে আজি সংঘাত
সৃষ্টিৰ সেনানী অনন্ত
সংঘাতে আনে মোৰ প্রশান্ত সাগৰত
প্রগতিৰ নতুন দিগন্ত ।
সেয়েহে মনৰ মোৰ
প্রশান্ত সাগৰৰ উর্মিমালা অশান্ত ।।

গভীৰ প্রশান্ত
সাগৰৰ শক্তিয়ে
ধ্বংসক কৰে দিগভ্রান্ত
অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত
সেয়েহে মনৰ মোৰ
প্রশান্ত সাগৰৰ উর্মিমালা অশান্ত ।।

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings