Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Jipaal

👤 Priyankush Jyoti Bora 🎼 Jipaal ⏱️ 3:54
🎵 2334 characters
⏱️ 3:54 duration
🆔 ID: 8252454

📜 Lyrics

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

উৰি উৰি অদেখা অজান
দূৰ সুদূৰ অসীমৰে সমান
মুখৰিত বহাগৰ আবেলি

কুলিটিয়ে গীত গালে
প্ৰকৃতিয়ে সাৰ পালে
সেউজী সেউজী সেউজীয়া আজি বননী

বিৰিখৰে ডালে ডালে
খেলি ফুৰে পখিকূলে
ফলে ফুলে ধৰণী আজি শুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

বহাগৰে মতলীয়া প্ৰাণ
শুনিবানে হৃদয়ৰে গান
শুশোভিত হিয়াৰে পদূলি

বহাগৰে বিনন্দীয়া মাত
হৃদয়তে ফুলিছে প্ৰভাত
প্ৰভাতী সোণালী ৰদালি

কুলিটিয়ে গীত গালে
প্ৰকৃতিয়ে সাৰ পালে
সেউজী সেউজী সেউজীয়া আজি বননী

বিৰিখৰে ডালে ডালে
খেলি ফুৰে পখিকূলে
ফলে ফুলে ধৰণী আজি শুৱনি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

জিৰি জিৰি নিজৰাৰে গান
শুনিছানে পখিৰ কলতান
গছে বনে বতাহৰ ধেমালি

উৰি উৰি অদেখা অজান
দূৰ সুদূৰ অসীমৰে সমান
মুখৰিত বহাগৰ আবেলি

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings