Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Unnaxi

👤 Tonmoy Krypton, Maitrayee Patar 🎼 Unnaxi ⏱️ 3:26
🎵 1446 characters
⏱️ 3:26 duration
🆔 ID: 9608518

📜 Lyrics

কেনিনো ছিটিকিলে মেঘ বেপৰোৱা!
হাঁহি এটি আলসুৱা
দুগালে-দুহাতে থৈ চাই ৰ'লোঁ
অভিমানী মনো যে উতনুৱা

উন্নাসী মন আজি, উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ

চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা

গোমোঠা বতাহে কঁপালেহি প্ৰাণ মোৰ
সামৰি যতনে থ
উজাগৰী নিশাৰে প্ৰহৰী তৰা মোৰ
নামি আহি মোৰে কাষৰতে ৰ

উন্নাসী মন আজি, উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ, উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ

চপৰা-চপৰে খহি যোৱা বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা কপাহী আৱেগ আকলুৱা

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings